পলাশবাৰীৰ ৰামপুৰত অগপৰ বিশাল জাতীয় ঐক্য সমাৰোহ

বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল সমূহৰ সমান্তৰালভাৱে অগপয়ো চলাইছে ব্যাপক তৎপৰতা । দেওবাৰে পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অগপ দলৰ সাধাৰণ সম্পাদক কমলা কলিতাৰ নেতৃত্বত অনুষ্ঠিত হ’ল বিশাল জাতীয় ঐক্য সমাৰোহ । প্ৰায় দহ হেজাৰ লোকৰ উপস্থিতিত দলটোৰ সভাপতি অতুল বৰাই নিজৰ ভাষণত দলে পূৰ্বতে কৰি অহা ভুলৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিছাৰিলে । লগতে, বিগত সময়ছোৱাত কংগ্ৰেছে বাংলাদেশী প্ৰব্ৰজনৰ বাবে বাট মুকলি কৰি কেৱল ভোট বেংকৰ লালসাতেই ৰাজনীতি কৰি অহা বুলিও কঠোৰ ভাষাৰে সমালোচনা কৰে । আন নতুনকৈ গঠন হোৱা যি আঞ্চলিকতাবাদী দলে বদৰুদ্দিন আজমলৰ পৰা ধন বিচাৰে, সেই দলে অগপক সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই বুলিও ভাষণত উল্লেখ কৰে । এই জাতীয় ঐক্য সমাৰোহ কাৰ্যসূচীত সভাপতি অতুল বৰা, সাধাৰণ সম্পাদক কমলা কলিতাৰ লগতে দলৰ উপ-সভাপতি কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মনোজ শইকীয়া, কণ্ঠশিল্পী কল্পনা পাটোৱাৰী আদিকে ধৰি দলীয় তথা যুৱ পৰিষদৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে । সভাত অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই পলাশবাৰীৰ ৰামপুৰৰ এই বিশাল জনসভাত ৰাইজৰ সহাৰী প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰাৰ লগতে সকলোৱে মিলি সহযোদ্ধা হিচাপে আগবাঢ়ি গৈ দলটো শক্তশালী কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ বাবেও আহ্বান জনায় । দলীয় জ্যেষ্ঠ নেতা তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নিজৰ ভাষণ প্ৰসঙ্গত কমলা কলিতাক প্ৰশংসা কৰাৰ লগতে সমাগত বিধান নিৰ্বাচনত পলাশবাৰীৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী বুলিও ষ্পষ্ট কৰি দিয়ে । সমাৰোহৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে কমলা কলিতাই নিজৰ আদৰণী ভাষণত তেওঁৰ বিৰুদ্ধাচৰণ কৰি থকা তথা দলীয় বেনাৰ পোষ্টাৰ আদি ফালি পেলোৱা দুষ্ট চক্ৰটোৰ শুভ বুদ্ধি উদয় হোৱাৰ কামনা কৰে । লগতে আজিৰ এই কাৰ্যসূচীত হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰা দেখি অভিভূত হৈ পলাশবাৰীত অগপৰ হেৰোৱা দূৰ্গ পুনৰ উদ্ধাৰ হ’ব বুলিও ভাষণত প্ৰসঙ্গত উল্লেখ কৰে । কিন্তু ছয়গাঁৱত বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছী ৰেকিবুদ্দিনৰ হাতত শোচনীভাৱে পৰাজিত হৈ ভেটি হেৰুৱাই সমাগত বিধান সভা নিৰ্বাচনত পলাশবাৰীৰ পৰা প্ৰাৰ্থীত্ব লাভৰ সপোন দেখি এইদৰে সমষ্টিটোত বিভিন্ন দলীয় কাৰ্যসূচী ৰূপায়ণ কৰি অহাত একাংশ নিষ্ঠাবান অগপ কৰ্মীয়ে ইতিমধ্যেই দলো ত্যাগ কৰিছে । তাৰ মাজতো হেজাৰ হেজাৰ লোকৰ উপস্থিতিত দলীয় প্ৰায়সংখ্যক নেতাক লৈ এইদৰে বিশাল জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰা বিষয়টোৱে বিশেষ তৎপৰ্য বহন কৰিছে । আনহাতে কমলা কলিতাৰ এনে প্ৰচাৰ কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰি আহিছে দক্ষিণ কামৰূপ জিলা বিজেপিৰ নেতৃত্বই ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*