টিহু ছোৱালী হাইস্কুলৰ প্ৰশংসনীয় পদক্ষেপ

শিক্ষাৰ্থীৰ মাজত পৰিৱেশ শীৰ্ষক প্ৰতিযোগিতা

সাম্প্ৰতিক সময়ত বিদ্যালয়ৰ পৰিবৰ্তে গৃহতে আৱদ্ধ হৈ থকা শিক্ষাৰ্থী সকলৰ সৃজনীমুলক প্ৰতিভা বিকাশৰ উদ্যেশ্যে টিহুৰ আগশাৰীৰ শিক্ষানুষ্ঠান টিহু ছোৱালী হাইস্কুলৰ ইক’ ক্লাৱৰ উদ্যোগত শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত হয় পৰিবেশ সম্পৰ্কীয় অনলাইন বক্তৃতা প্ৰতিযোগিতা। বিশ্ব পৰিবেশ দিৱস উপলক্ষে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী সকলৰ মাজত  অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ নিম্ন শাখাৰ বিষয় আছিল  “পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিৰোধ”। আনহাতে উচ্চ শাখাৰ বিষয় আছিল “পৰিৱেশতন্ত্ৰৰ পুন:স্থাপন” । টিহু ছোৱালীৰ ইক’ ক্লাৱৰ সমন্বয়ক কিশোৰ কুমাৰ শৰ্মাই প্ৰকাশ কৰা প্ৰতিযোগিতাৰ ঘোষিত ফলাফল অনুসৰি “ক” শাখাৰ প্ৰথম দেৱাংগনা কলিতা (সপ্তম শ্ৰেণী, শাখা-ক), দ্বিতীয় যুটীয়া ভাবে  দিয়াৰাণী বেজবৰুৱা (ষষ্ঠ শ্ৰেণী, শাখা-ক) আৰু অংকিতা ৰাজবংশী (সপ্তম শ্ৰেণী ,শাখা-ক), যুটীয়া ভাবে তৃতীয় স্থান লাভ কৰে অনুস্মিতা কলিতা (সপ্তম শ্ৰেণী, শাখা-ক) আৰু উপাসনা কলিতা (সপ্তম শ্ৰেণী,শাখা-ক)ই। ইপিনে, খ শাখাৰ উদ্গনিমূলক বঁটা লাভ কৰে নৱম শ্ৰেণীৰ ক শাখাৰ প্ৰিয়া দাসে। আনহাতে টিহু ছোৱালী হাইস্কুলৰ ইক’ ক্লাৱৰ উদ্যোগত আজি শিক্ষানুষ্ঠানখনত বিশ্ব পৰিবেশ দিৱস উপলক্ষে ক’ভিড প্ৰট’কল মানি গছপুলি ৰোপণ  কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।বিদ্যালয়খনৰ শিক্ষক গোটৰ সম্পাদক দিলীপ কুমাৰ মেধি আৰু জ্যেষ্ঠ শিক্ষক ভূপেন বৰ্মনে একোটাকৈ গছপুলি ৰোপণ কৰে। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষয়িত্ৰী লাৱন্য ডেকা, জ্যেষ্ঠ শিক্ষক বিমান কলিতাকে  ধৰি কেবাগৰাকীও জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহন কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*