পশ্চিম গুৱাহাটী মাটাইখাৰত ক’ভিড-১৯ৰ সজাগতা অভিযান ও বিনামূলীয়া চিকিৎসা শিৱিৰ

ৰাজ্যৰ আন বহু গ্ৰাম্যঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ মাটাইখাৰ অঞ্চলত ক’ভিড-১৯ মহামাৰীয়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰাৰ উপক্ৰম হৈছে। অলপতে পশ্চিম গুৱাহাটী সমষ্টিৰ মাটাইখাৰত যোগ গুৰুকল, অসম আৰু বি.বি.ক্ৰিয়েছনৰ সৌজন্যত ক’ভিড-১৯ ৰ সজাগতা শিবিৰ ও বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয়। উক্ত সজাগতা শিৱিৰ শুভ-উদ্বোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অনুষ্ঠানত বিশিষ্ট কৌতুক অভিনেতা অতুল পাঁচনি উপস্থিত থকাৰ লগতে যোগ গুৰুকুল, অসমৰ উপাচাৰ্য তথা সচিব ডা: হিমাংশু বুজৰবৰুৱাই ক’ভিড-১৯ৰ বিৰুদ্ধে কেনেকৈ যুজিব লাগে তাৰ সন্দৰ্ভত সজাগতা মূলক বক্তব্য প্ৰদান কৰাৰ লগতে ৫০ জন ব্যক্তিক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি ঔষধ বিতৰণ কৰে। উক্ত অনুষ্ঠানত সহযোগিতা আগবঢ়ায় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, দক্ষিণ কামৰূপ জিলাৰ প্ৰচাৰ প্ৰমূখ বিকাশ দাস আৰু যোগ শিক্ষক মৃত্যুঞ্জয় ৰজকে। শেষত যোগ গুৰুকুল, অসমৰ সাধাৰণ সম্পাদক দিলীপ গোস্বামীয়ে শান্তিমন্ত্ৰ দি শিৱিৰ ভংগ কৰে। আনহাতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়গৰা আৰু হীৰাপাৰাত কণ্টেইনমেন জ’ন হিচাপে থকা অঞ্চলটোৰ লোকসকলৰ সৈতে মিলিত হৈ পৰিস্থিতি সন্দৰ্ভত বুজ লয়। পৰিদৰ্শনৰ সময়ত বিধায়কগৰাকী সৈতে সংগ দিয়ে অগপ নেতা সুভাষ শৰ্মা, বিজেপি নেতা প্ৰশান্ত মহন্ত, অগপ ৰবীন দৈমাৰী, ৰুবুল বৈশ্য আদিৰ বহুকেইজন অগপ বিজেপি নেতা উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*