ধাৰাপুৰত মাক্স চেনিটাইজাৰ বিতৰণ

মহানগৰীত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াসেৰে ধাৰাপুৰস্থিত প্ৰদীপ অইল ডিপোৱে অইল ইণ্ডিয়াৰ উদ্যোগত লৈছে বিশেষ ব্যৱস্থা। প্ৰদীপ অইল ডিপোলৈ অহা প্ৰতিজন গ্ৰাহক, চালক আৰু হেণ্ডিমেন সকলোৰ মাজত বিতৰণ কৰিলে মাস্ক, চেনিটাইছাৰ। প্ৰায় ২ হাজাৰ মাস্ক, চেনীটাইজাৰ আৰু বেক্টেৰিয়া নাশক স্প্ৰে বিতৰণ কৰা হয় । উল্লেখ্য যে, মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ, গড়ল, মাজিৰগাঁও, আজাৰা, খানামূখ, গাড়ীগাঁও সহিতে এই বৃহৎ অঞ্চলটোৰ শ শ লোক ক’ভিডত আক্ৰান্ত হৈছিল আৰু কেবাজনো লোকৰ মৃত্যুও হৈছে।অঞ্চলটোত বৰ্তমানো সংক্ৰামন অব্যাহত আছে। সেয়েহে অঞ্চলটোত যাতায়ত কৰা যাত্ৰীবাহী বাহন আৰু সামগ্ৰী কঢ়িয়াই যাতায়ত কৰা বাহন সমূহত সঘনাই চেনিটাইজ কৰে যাতায়ত কৰে তাৰ ওপৰত গুৰুত্ব দিয়ে। জৰুৰী কামত ওলাই অহা লোকসকলেও যাতে বাধ্যতামূলক ভাবে গাড়ীত মাক্স পৰিধান কৰে তাৰ ওপৰত গুৰুত্ব দি এই সামগ্ৰী সমূহ বিতৰণ কৰে। সকলোৱে সজাগ হলে ক’ভিডক জয় কৰিব পৰা যাব বুলিয়েই প্ৰদীপ অইল ডিপোৰ স্বত্বাধিকাৰীয়ে অইল ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰে। এনে আদৰণীয় পদক্ষেপ প্ৰংশসা কৰিছে অঞ্চলটোৰ সচেতন লোকসকলে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*