কাহিকুছি গাঁও পঞ্চায়তৰ নবনিৰ্মিত গৃহৰ আধাৰশিলা স্থাপন

পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ কাহিকুছি গাঁও পঞ্চায়তৰ পূৰ্বৰ গৃহটো সম্প্ৰতি ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত সেইটো ভাঙি তাৰ স্থানত পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে অনাগত দিনত ৰাইজৰ সুবিধাৰ বাবে সকলো সা-সুবিধা থকা এটা তিনি মহলীয়া গৃহ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াই । ইতিমধ্যে প্ৰথম পৰ্যায়ত গৃহটো নিৰ্মাণৰ বাবে বিধায়ক কলিতাই চতুৰ্দশ বিত্তীয় আয়োগৰ জৰিয়তে ৪০ লাখ টকাৰ অনুমোদন আগবঢ়াইছে । তিনি শতাধিক লোকৰ উপস্থিতিত নবনিৰ্মিত গৃহটোৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াই আঁত ধৰা সভাত ভাষণত বিধায়ক কলিতাই নতুনকৈ নিৰ্মাণ হবলগীয়া গৃহটো যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয় তাৰ কামনা কৰি বৰঝাৰ বিমানবন্দৰ এলেকাৰ কাহিকুছি গাঁও পঞ্চায়ত খনক এখন আদৰ্শ পঞ্চায়তলৈ ৰূপান্তৰিত কৰিবলৈ সকলোকে হাতে কামে নামি পৰিবলৈ আহ্বান জনায় । সভাত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নগেন দাস , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, সদস্যা ৰজিদা বেগমেও চমু ভাষণত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গৃহটোৰ অনুমোদনৰ বাবে আগভাগ লোৱা কাৰ্যৰ শলাগ লয় । আনহাতে পঞ্চায়তৰ সচিব সুবোধ চন্দ্ৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী , গাঁও পঞ্চায়তৰ কেবাজনো সদস্য-সদস্যা , অগপ নেতা ক্ৰমে পৰেশ বৰুৱা , প্ৰভাত দলেৰ উপৰিও কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । ইয়াৰ পূৰ্বে বিধায়ক কলিতাই চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ১০ লাখ টকাৰ অনুদানৰে নিৰ্মাণ কৰা বুল্লা , তাঁতীপাৰা ৰূপকোঁৱৰ সংঘৰ নব নিৰ্মিত গৃহটো উদ্ধোধন কৰে । তেনেদৰে আয়োগৰ প্ৰায় ৯.৫০ লাখ টকাৰে অনুদানৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ আৰু শ্ৰী শ্ৰী দৌল মন্দিৰৰ গৃহৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই

Be the first to comment

Leave a Reply

Your email address will not be published.


*