১৭৫ বি এন চি আৰ পি এফৰ উদ্যোগত ৰাণীত ৰাইজৰ বাবে টীকাকৰণ শিবিৰ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি.আৰ.পি.এফ) গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ চৌহদত দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ আৰু অনলাইন যোগে আবেদন কৰা ১৮ ৰপৰা ৪৫ বছৰ বয়সৰ হিতাধিকাৰী ৰাইজৰ বাবে ১৫ মে’ৰ পৰা ক’ভিড প্ৰতিৰোধৰ বাবে আৰম্ভ হৈ আছে বিশেষ টীকাকৰণ শিবিৰ। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ কামৰূপ জিলাৰ জিলা টীকাকৰণ বিষয়া ডাঃ যুগল দাস আৰু আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ধ্ৰুৱজ্যোতি বৰুৱাৰ সহযোগত অনুষ্ঠিত শিবিৰত দৈনিক ১২০ জন লোকক ক’ভিড প্ৰতিষেধকৰ বাবে টীকাকৰণৰ প্ৰথম পালি প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত শিবিৰত উপস্থিত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত ১৭৫ বি. এন.চি.আৰ.পি.এফ.ৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই কয় কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে কেন্দ্ৰীয় সহস্ৰ আৰক্ষী বাহিনী সমূহক নিজ নিজ এলেকাত স্থানীয় ৰাইজ আৰু স্বাস্থ্য বিভাগক ক’ভিড মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্দেশনা দিছে। সেই নিৰ্দেশনাৰ আধাৰত ক’ভিডৰ টীকাকৰণ শিবিৰৰ আয়োজন কৰা হৈছে বুলি সুভাষ চন্দ্ৰ শৰ্মাই ব্যক্ত কৰে। আনহাতে বাহিনীটোৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰে শিবিৰত উপস্থিত লোক সকলক পৰা ক’ভিড মহামাৰীৰ পৰা কিদৰে নিজৰ লগতে পৰিয়ালৰ লোকসকলক ৰক্ষাৰ কৰিব পাৰি সেই সম্পৰ্কে দৈনিক সজাগতাৰ সৃষ্টিৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে বুলি ব্যক্ত কৰে আৰু সকলোৱে সাৱধানতা অৱলম্বন কৰিলে ক’ভিডক পৰাজিত কৰিব পাৰিব বুলি সদৰি কৰে। শিবিৰত বাহিনীটোৰ চেকেণ্ড- ইন-কমাণ্ডদ্বয় কে এল ধীমান আৰু পি খৰমোজাই, ডেপুটী কমাণ্ডেণ্ট মনোজ সিঙকে ধৰি বাহিনীটোৰ বিষয়া – জোৱান সকলে সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াই আহিছে। ইয়াৰ উপৰিও প্ৰথম পালি টীকা গ্ৰহণ কৰা লোকসকলে চৰকাৰে নিয়ম অনুসৰি শিবিৰত পৰৱৰ্তী সময়ত দ্বিতীয় পালি টীকা লব পাৰিব বুলি জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰে জানিবলৈ দিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*