ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰাৰ আহ্বান আপ, অসমৰ

গুৱাহাটী : অসম চৰকাৰে অহা ২ অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ খোৱা পানীৰ প্লাষ্টিকৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰা সিদ্ধান্তৰ সুৰতে সুৰ মিলাই আম আদমি পাৰ্টীয়ে দাবী কৰে যে চৰকাৰে খোৱা পানীৰ বিক্ৰী বন্ধ কৰি জল জীৱন মিছনৰ অধীনত সকলোৰে ঘৰে ঘৰে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। এক প্ৰেছ বিবৃতিযোগে দলটোৰ সভাপতি ডা৹ ভবেন চৌধুৰীয়ে লগতে দাবী কৰে যে ৰাজহুৱা স্থানত খোৱা পানী পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰিবলৈ চৰকাৰে খোৱা পানীৰ এ টি এম স্থাপন কৰিব লাগে।

প্ৰায় ডেৰ-দুই দশকৰ পূৰ্বে খোৱা পানী বিক্ৰীৰ কথা অসমৰ মানুহৰ সপোনৰ অগোচৰ আছিল। চৰকাৰে ঘৰে ঘৰে পানী যোগানত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ৰাজহুৱা স্থানত খোৱা পানীৰ ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ আওকাণীয়া মনোভাবৰ বাবে তৃষ্ণাতুৰ পথচাৰীয়ে পানীৰ বটল কিনি খাবলৈ বাধ্য হৈছে। কোটি কোটি টকা খৰচ কৰি বিজেপি চৰকাৰে জল জীৱন মিছন আৰম্ভ কৰিছে যদিও আঁচনিখন ৰূপায়ণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বাবে কাৰ্যতঃ ইয়াৰ সুফল জনতাই লাভ কৰা নাই, প্ৰেছ বিবৃতিত এইদৰে উল্লেখ কৰে দলটোৱে ।

আম আদমি পাৰ্টীয়ে দাবী কৰে যে পানীৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰাৰ সমান্তৰালভাৱে চৰকাৰে ঘৰে ঘৰে পৰ্যাপ্ত পানী দিয়াৰ ব্যৱস্থা কৰক আৰু সকলো ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰক।

Be the first to comment

Leave a Reply

Your email address will not be published.


*