প্ৰেক্টিকেলি-এ ‘দ্য লাৰ্ণিং লবী’ মুকলি

6-12 মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাগ্ৰহণ ব্যৱস্থাটোক এক নিমজ্জিত পৰ্যায়লৈ লৈ যাবৰ বাবে ডিজাইন কৰা ভাৰতৰ প্ৰথমটো অভিজ্ঞতামূলক লাৰ্ণিং এপ্প, প্ৰেক্টিকেলি-এ মুকলি কৰিছে, শিক্ষক তথা অভিভাৱকসকলৰ মনত খেলাই থাকিব পৰা কিছু মৌলিক কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়াৰ পদক্ষেপ, ‘দ্য লাৰ্ণিং লবী’। প্ৰেক্টিকেলি-এ এই পৰিস্থিতিসমূহত মাৰ্গদৰ্শন কৰিবৰ বাবে গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰা বিশেষজ্ঞসকলৰ এটা সংগঠিত গোটক একত্ৰিত কৰিছে। ই হৈছে উদ্যোগটোৰ অতি সৰ্বাত্মক পদক্ষেপসমূহৰ অন্যতম, যি এটা পষেকৰ মূৰে মূৰে কিছুমান ৱেবিনাৰ আৰম্ভ কৰিছে।
এই পদক্ষেপৰ উদ্দেশ্য হৈছে, কৰ্ম-জীৱনৰ সন্তুলন ৰক্ষা কৰা (শিক্ষকসকলৰ বাবে), মানসিক চাপ নিয়ন্ত্ৰণ কৰা আৰু কৈশোৰকালত উপনীত হোৱা কিশোৰ-কিশোৰীসকলৰ সৈতে ভাবৰ আদান-প্ৰদান কৰাৰ দৰে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ জৰিয়তে নিজৰ লগতে নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সুস্থ বাতাৱৰণ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত শিক্ষকবৃন্দ তথা অভিভাৱকসকলক সমৰ্থবান কৰি তোলাটো সুনিশ্চিত কৰা।
শিক্ষকসকলে সন্মুখীন হোৱা কিছুমান প্ৰত্যাহ্বানৰ কথা বুজি পাবৰ বাবে প্ৰেক্টিকেলি-ৰ দ্বাৰা আয়োজিত এটা অভ্যন্তৰীণ অধ্যয়নৰ পিছত এই পদক্ষেপৰ কথা পোহৰলৈ আহিছিল। এই অধ্যয়নৰ জৰিয়তে জানিব পৰা গৈছিল 78% শিক্ষকেই বিশ্বাস কৰে যে শিক্ষাৰ্থীসকল মানসিক চাপ আৰু বিৰক্তিৰ জ্বালাৰ সন্মুখীন হয়। শিক্ষকসকলৰ ভিতৰত 55%ই এটা সুস্থ কৰ্ম-জীৱনৰ সন্তুলন ৰক্ষা কৰি চলাত অসুবিধা পায় কিয়নো তেওঁলোকে একেৰাহে অৱসাদগ্ৰস্ততাৰ সন্মুখীন হৈ থাকে। 70%ৰো অধিক শিক্ষকে বিশ্বাস কৰে যে বৰ্তমান পৰিস্থিতিৰ সৈতে ভালদৰে খাপ খাই পৰিবলৈ তেওঁলোকক মাৰ্গদৰ্শনৰ প্ৰয়োজন আৰু বিশেষজ্ঞসকলৰ হস্তক্ষেপে তেওঁলোকৰ বৰ্তমানৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাত তেওঁলোকক সহায় কৰিব। দ্য লাৰ্ণিং লবী হৈছে সমগ্ৰ দেশৰ বিভিন্ন শিক্ষকবৃন্দৰপৰা লাভ কৰা প্ৰতিক্ৰিয়াসমূহৰ এক চিন্তাগধুৰ সঁহাৰি।
এই পদক্ষেপৰ বিষয়ে মন্তব্য কৰি, প্ৰেক্টিকেলি-ৰ সহ-প্ৰতিষ্ঠাতা তথা চিঅ’অ’, চাৰু নোহেৰিয়াই কয়, “প্ৰেক্টিকেলি-এ শিক্ষাগ্ৰহণৰ প্ৰক্ৰিয়াটোক এক আনন্দদায়ক অনুভৱ কৰি তুলিবলৈ কঠোৰ প্ৰচেষ্টা চলাইছে। এই দৃষ্টিভঙ্গীৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিয়েই আমি এই শেহতীয়া পদক্ষেপটো গ্ৰহণ কৰিছোঁ। দ্য লাৰ্ণিং লবী মুকলি কৰাৰ জৰিয়তে আমাৰ অন্য এক উদ্দেশ্য হৈছে শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষকবৃন্দৰ চিৰ-বিকশিত অভাৱ-অভিযোগসমূহৰ ওপৰত এক গভীৰ সম্যক জ্ঞান বিকশাই তোলা। এওঁলোকৰ ওপৰত প্ৰভাৱ পেলোৱা বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি সামৰি ল’ম আৰু লগতে সংগঠিত বিশেষজ্ঞসকলৰ টীমটোৰ জৰিয়তে আমি সেইবোৰ নিখুঁতভাৱে সমাধান কৰিম। আৱেগিক আৰু মানসিক কল্যাণৰ সন্দৰ্ভত সজাগতাৰ বিষয়টো ভাৰতত এতিয়াও এটা সদ্যোজাত পৰ্যায়তে আছে, বিশেষকৈ শিক্ষা খণ্ডটোত, কিন্তু ইয়াক সুদক্ষভাৱে আলোচনাৰ্থে উপস্থাপন কৰাৰ এয়াই হৈছে সঠিক সময়। শিক্ষাৰ্থীসকলৰ বাবে অৱশেষত এটা অধিক সুস্থ বাতাৱৰণ প্ৰস্তুত কৰি উলিয়াবলৈ দ্য লাৰ্ণিং লবী-এ অভিভাৱক, শিক্ষক তথা পৰিচাৰকসকলক কেতবোৰ সৰ্বোত্তম অভ্যাসৰ দ্বাৰা সুসজ্জিত কৰি তুলিব।
ইয়াৰ প্ৰথমখন অধিৱেশন, 2 ডিচেম্বৰ তাৰিখে, বিয়লি 5.30 বজাৰপৰা সন্ধিয়া 6.30 বজালৈ নতুন নিয়মত কৰ্ম-জীৱনৰ সন্তুলনৰ গুৰুত্ব-ৰ ওপৰত বক্তৃতা প্ৰদান কৰি, লীডাৰশ্বিপ ট্ৰান্সফৰ্মেশ্যন কোচ্চ, ড০ ৰতি চান্দনাই সম্বোধন কৰিব। দ্বিতীয়খন অধিৱেশন কৈশোৰ অৱস্থাত উপনীত হোৱা বিষয়টোৰ পৰামৰ্শদাতা, কে. হেলেন-এ পৰিচালনা কৰিব আৰু তৃতীয় অধিৱেশনখনৰ পৰিচানলা কৰিব, শিক্ষকবৃন্দৰ বাবে স্মাৰ্ট টাইম মেনেজমেণ্টৰ প্ৰশিক্ষক পৰামৰ্শদাতা, শ্ৰীযুত ফাহিম ছইট ডাঙৰীয়াই।
এই ৱেবিনাৰখনৰ পঞ্জীয়ন হৈছে বিনামূলীয়া আৰু ইয়াক প্ৰেক্টিকেলি-ৰ ইউটিউৱ চেনেলটোত হোষ্ট কৰা হ’ব
“দ্য লাৰ্ণিং লবী হৈছে প্ৰেক্টিকেলি-এ হাতত হোৱা এটা সুন্দৰ পদক্ষেপ। শিক্ষক, অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ সামগ্ৰিক কল্যাণৰ বাবে তেওঁলোকে প্ৰদৰ্শন কৰা এই নিষ্ঠা অতিকৈ উল্লেখযোগ্য। মোৰ বিশ্বাস, বিশেষকৈ শিক্ষকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ কামৰ সময়খিনিত এটা সুস্থ কৰ্ম-জীৱনৰ সন্তুলন ৰক্ষা কৰাটো অতি জৰুৰী। এই চিৰ বিকশিত শিক্ষা খণ্ডটো অতি সম্ভাৱনাপূৰ্ণ হোৱাৰ লগতে এতিয়া আগতকৈও অধিক উত্তম অভ্যাস অৱলম্বন কৰি চলাটো অপৰিহাৰ্য। প্ৰেক্টিকেলি-ৰ সৈতে একেলগে কাম কৰিবলৈ পাই মই আনন্দিত আৰু সচৰাচৰতে শিক্ষকবৃন্দ তথা সমাজখনৰ লাভালাভৰ অৰ্থে এই সুবিধাটোক এখন বৃহৎ মঞ্চ হিচাপে গণ্য কৰা হৈছে,” লীডাৰশ্বিপ ট্ৰান্সফৰ্মেশ্যন কোচ্চ, ড০ ৰতি চান্দনাই এইদৰে মন্তব্য কৰে।
এই পদক্ষেপত সমগ্ৰ দেশৰপৰা উপস্থিত হোৱা লোকসকলৰ লগতে এক প্ৰশ্নোত্তৰ অধিৱেশনৰ জৰিয়তে উদ্যোগটোৱে এক সক্ৰিয় অংশগ্ৰহণ কৰিব। ইয়াৰ সকলো অধিৱেশন সংৰক্ষণ কৰা হ’ব আৰু পৃথিৱীৰ যিকোনো ঠাইৰপৰা আহৰণ কৰিব পৰা যাব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*