ক’ভিড-১৯ বিৰুদ্ধে প্ৰভাৱশালীৰূপে প্ৰমাণিত শ্বাৰ্প নেটুৰাইজাৰ চেনিটাইজাৰ

গুৱাহাটী, : অনন্য প্ৰযুক্তিসামগ্ৰী আৰু সমাধানৰ বাবে বিশ্বজুৰি পৰিচিত শ্বাৰ্প কৰ্পোৰেচন জাপানৰ এক সম্পূৰ্ণ মালিকানাধীন ভাৰতীয় সহায়ক কোম্পানী শ্বাৰ্প বিজনেচ চিষ্টেমচ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে ৯ ফেব্ৰুৱাৰীত প্ৰাকৃতিক নিমখ আধাৰিত চেনিটাইজাৰ শ্বাৰ্প নেটুৰাইজাৰ (Sharp Naturizer) মুকলি কৰাৰ ঘোষণা কৰে। যি ক’ভিড-১৯ (SARS-CoV-2 Delta variant) বিৰুদ্ধে যুঁজত কাৰ্যকৰীৰূপে প্ৰমাণিত আৰু ৯৯ শতাংশ ভাইৰাছ এক মিনিট হ্ৰাস কৰাৰ ক্ষমতাশালী।শ্বাৰ্প নেটুৰাইজাৰ হৈছে ১০০ শতাংশ প্ৰাকৃতিক আৰু পোৰ্টেবল চেনিটাইজাৰ, য’ত খোৱা পানী আৰু টেবুল নিমখ ব্যৱহাৰ কৰা হৈছে। ছডিয়াম হাইপোক্লৰাইট পানী উৎপন্ন কৰিবলৈ ৫০০+ পিপিএম অৱশিষ্টৰ সৈতে প্ৰকৃতিৰ অতি শক্তিশালী পৃষ্ঠ বীজাণুনাশক ক্লোৰিন ব্যৱহাৰ কৰা হৈছে, যিয়ে ১মিনিটৰ ভিতৰত ৯৯ শতাংশলৈ ভাইৰাছ আঁতৰ কৰে। অধ্যয়ন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৫০০+ক্লোৰিনৰ অৱশিষ্টাংশ ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে।

চেনিটাইজাৰৰ ভাইৰুচিডেল কাৰ্যকলাপ বিএছএল৩ লেবত পৰীক্ষা কৰা হৈছিল, যিটো আছে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি)ৰ চেণ্টাৰ ফৰ ইনফেকছাছ(Infectious) ডিজিছ আৰু বায়চেফটি লেবত। ইয়াৰ উদেশ্যৰ বাবে সমান পৰিমাণত প্ৰস্তুত কৰা বৈদ্যুতিকভাৱে নিৰ্মিত নিমখ পানী (ইএছডব্লিউ) (১x)ক চাৰ্ছ-ক’ভিড-২ ভাইৰাছ চাচপেনশ্বনৰ সৈতে মিহলি কৰা হৈছিল আৰু ০, ১, ৫ ত ইনকিউবেট কৰা হৈছিল আৰু ১৫ মিনিট যোৱাৰ পিছত সেইবোৰ বৰফ-শীতল ডিএমইএম-ত ধাৰাবাহিকভাৱে (১০গুণ)পাতল কৰা হৈছিল । পাতল কৰা নমুনাবোৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ইএছডব্লিউ চিকিৎসাত।য’ত দেখা পোৱা গৈছিল যে ১ পৰা ৫ মিনিটৰ পিছত ভাইৰেল টাইটাৰ হ্ৰাস পোৱা বিষয়টো।
ইএছডব্লিউ চিকিৎসাৰৰ পিছত ক্ৰমান্বয়ে ২-৩ লগ ১০ আৰু ৪ লগ ১০গুণৰ দ্বাৰা চিকিৎসা কৰা হৈছিল। ১৫মিনিটৰ এক্সপোজাৰ সময়ত, ইএছডব্লিউৱে হ্ৰাস কৰে চিনাক্ত কৰিব পৰা সীমাৰ তলত ভাইৰাছ, যাৰ ফলত ভাইৰেল টাইটাৰ হ্ৰাস হয় >৭লগ১০ত।

এই ফলাফল সন্দৰ্ভত শ্বাৰ্প বিজনেছ চিষ্টেমছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰিচালনা সঞ্চালক শিঞ্জি মিনাটোগাৱা (Shinji Minatogawa)ই কয়; “ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ মুকলি কৰা হৈছে শ্বাৰ্প নেটুৰাইজাৰ।ইয়াৰ দ্বাৰা আমাৰ লক্ষ্য হৈছে কৰ্মস্থান আৰু ঘৰবোৰক ব্যৱহাৰিক সমাধানেৰে সজ্জিত কৰাত সহায় কৰা আৰু কাৰ্যকৰী সুৰক্ষা নিশ্চিত কৰা। শ্বাৰ্প নেটুৰাইজাৰ ইতিমধ্যে সমগ্ৰ আগশাৰীৰ কৰ্মস্থানসমূহত ব্যৱহাৰ কৰা হৈছে।এই নতুন প্ৰমাণপত্ৰৰ সৈতে আমি নিশ্চিত যে অধিক ব্যৱসায়ে আমাৰ সমাধান গ্ৰহণ কৰিব আৰু অধিক আত্মবিশ্বাসেৰে কৰ্মস্থানলৈ উভতি আহিব।”

Be the first to comment

Leave a Reply

Your email address will not be published.


*