এয়াৰটেল পেমেণ্ট বেংকৰ বীমা প্ৰদান সম্প্ৰসাৰণ– গ্ৰাহকক ‘চাইবাৰ ইঞ্চুৰেঞ্চ’ আগবঢ়োৱাৰ বাবে ICICI Lombardৰ সৈতে অংশীদাৰীত্ব

গুৱাহাটী, : বহল পৰিসৰত গ্ৰাহকক ইঞ্চুৰেঞ্চৰ সুবিধা আগবঢ়াই অহা প্লেটফৰ্ম এয়াৰটেল পেমেণ্ট বেংকে ICICI Lombard General Insurance Company-ৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ কৰিছে চাইবাৰ ইঞ্চুৰেঞ্চ। ডিজিটেল পেমেণ্ট আৰু লেনদেন বৃদ্ধি পোৱাৰ লগে লগে অনলাইন প্ৰৱঞ্চনাৰ ঘটনাও বৃদ্ধি পাবলৈ ধৰাৰ সময়তে এনে সেৱা গ্ৰাহকৰ বাবে মুকলি কৰিছে এয়াৰটেল পেমেণ্ট বেংকে। কিয়নো অনলাইন প্ৰৱঞ্চনাৰ ঘটনা ক্ৰমান্বয়ে অত্যাধুনিক হৈ উঠিছে। ইয়াৰ বাবে তেওঁলোকে ICICI Lombard-ৰ সৈতে অংশীদাৰীত্ব কৰিছে। চাইবাৰ ইঞ্চুৰেঞ্চ সমাধানৰ সেৱা আগবঢ়াই অহা ICICI Lombard-এ গ্ৰাহকসকলক চাইবাৰ প্ৰৱঞ্চনাৰ পৰা বিত্তীয় সুৰক্ষা প্ৰদান কৰে। ইয়াৰ ভিতৰত আছে বেংকিং, ক্ৰেডিট বা ডেবিট কাৰ্ড, ব্যক্তিগত পৰিচয় চুৰি, ই-মেইল স্পুফিং আৰু অধিক।

এয়াৰটেল পেমেণ্ট বেংকৰ গ্ৰাহকসকলে এয়াৰটেল থ্যাংকছ এপ ব্যৱহাৰ কৰি মিনিটৰ ভিতৰতে এই চাইবাৰ ইঞ্চুৰেঞ্চ পলিচি ক্ৰয় কৰিব পাৰে। এই বীমাটো জিৰো অপেক্ষাৰ ম্যাদৰ সৈতে উপলব্ধ আৰু বাছনি কৰা বীমাকৃত পৰিমাণৰ সীমাৰ ভিতৰত ব্যৱহাৰকাৰীসকলক পলিচিৰ ম্যাদত একাধিকবাৰ দাবী কৰিবলৈ অনুমতি দিয়ে।এই পলিচি ৯০ দিনৰ ডিস্কভাৰী
ম্যাদ প্ৰদান কৰিব আৰু তাৰ পিছত সাত দিনৰ ৰিপৰ্টিঙৰ পিৰিয়ড প্ৰদান কৰিব। ইয়াৰ অৰ্থ হৈছে যে যদি বীমাকৃতই লেনদেনৰ তাৰিখৰ পৰা ৯০তম দিনত তেওঁলোকৰ কাৰ্ড বা একাউণ্টৰ পৰা এক অননুমোদিত লেনদেন ডিস্কভাৰ
কৰে, তেন্তে তেওঁলোকে পৰৱৰ্তী সাত দিনৰ ভিতৰত ইয়াক জাৰীকৰ্তা বেংক বা ম’বাইল ৱালেট কোম্পানীক অৱগত কৰিব পাৰে।

ICICI Lombard-ৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ মন্ত্ৰীয়ে(Sanjeev Mantri)কয়; ‘ক’ভিড-১৯ মহামাৰীয়ে ঘৰ আৰু কৰ্মস্থানৰ মাজৰ ৰেখাৰ দূৰত্বটো অস্পষ্ট কৰি তুলিছে। বহুতো কোম্পানীয়ে ঘৰৰ পৰা কাম কৰাৰ সৈতে প্ৰচুৰ পৰিমাণৰ ডাটা মুকলি ডমেইনলৈ এৰি দিছে, সেয়েহে সংবেদনশীল তথ্যবোৰ আজি আগৰ তুলনাত সুৰক্ষাৰ দুৰ্বলতাৰ সম্ভাৱনা অধিক। আমি এয়াৰটেল পেমেণ্টছ বেংকৰ সৈতে অংশীদাৰ ত্বৰান্বিত কৰিবলৈ উৎসাহিত, কিয়নো এই অগ্ৰণী চুক্তিয়ে ডিজিটেল পৰিৱৰ্তনৰ যুগত চাইবাৰ আক্ৰমণ বিস্ফোৰণ প্ৰতিহত কৰিবলৈ আমাৰ গ্ৰাহকসকলক উদ্ভাৱনীমূলক নতুন যুগৰ বিপদাশংকা সমাধান প্ৰদান কৰাৰ কোম্পানীৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিব।’

এয়াৰটেল পেমেণ্ট বেংকৰ মুখ্য সঞ্চালন বিষয়া গণেশ অনন্তনাৰায়ণন (Ganesh Ananthanarayanan)এ কয়; “আমি ICICI Lombard-ৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি তেওঁলোকৰ সামগ্ৰীসমূহ আমাৰ গ্ৰাহকক আগবঢ়োৱাৰ বাবে অনুগ্ৰহ কৰিছোঁ। সৰল, সুৰক্ষিত আৰু ভেলু- ড্ৰাইভেন সমাধানৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ সংস্কৰণ আৰু আমি আশা কৰোঁ যে ব্যৱহাৰকাৰীসকলে এই অনন্য অফাৰটোৰ সুবিধা গ্ৰহণ কৰিব। “

এয়াৰটেল পেমেণ্ট বেংকে ইয়াৰ গ্ৰাহকসকলক পেমেণ্ট যাত্ৰা সুৰক্ষিত প্ৰক্ৰিয়াৰ মাজৰে হোৱাৰ প্ৰচেষ্টা চলাই আহিছে।যোৱা বছৰ বেংকে অনলাইন পে কৰাৰ সুৰক্ষিত উপায় হিচাপে এয়াৰটেল চেফ পে মুকলি কৰিছিল। ইয়াৰ প্লেটফৰ্মত চাইবাৰ বীমা সমাধানৰ আৰম্ভণি হৈছে এই দিশত আৰু এক উন্নত পদক্ষেপ।

ICICI Lombard-এ লাখ লাখ গ্ৰাহকক তেওঁলোকৰ বৈচিত্ৰ্যময় প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত কৰি ইয়াৰ গ্ৰাহকসকলক সৰলীকৃত আৰু নিউ এজৰ বিপদাশংকা সমাধানৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে। এই চুক্তি ICICI Lombard-ৰ এক অভিনৱ সমাধান হ’ব, কিয়নো ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণে(আইআৰডিএআই) মহামাৰীৰ সময়ত ডিজিটেল জালিয়াতি আৰু চাইবাৰ চুৰি বৃদ্ধিৰ কথা উল্লেখ কৰি চাইবাৰ বীমাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গ্ৰাহকৰ নিৰৱচ্ছিন্ন অভিজ্ঞতা কঢ়িয়াই ৰাখি কোম্পানীটোৱে ‘আইএল টেককেয়াৰ এপ’ৰ দৰে প্ৰযুক্তি-চালিত সমাধানো আগবঢ়াইছে, য’ত গ্ৰাহকে পলিচি ক্ৰয় কৰিব পাৰে, দাবী পৰিচালনা কৰিব পাৰে আৰু পলিচিবোৰ নৱীকৰণ কৰিব পাৰে। ইয়াৰ উপৰিও, কোম্পানীয়ে ইয়াৰ গ্ৰাহকসকলক তেওঁলোকৰ সুবিধা অনুসৰি বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে বীমা ক্ৰয় কৰাৰ বিকল্প প্ৰদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*