অসম মহিলা অভিযন্তা সন্থাৰ উদ্যোগত কভিড সজাগতা কাৰ্যসূচী

অসম মহিলা অভিযন্তা সন্থা (Women Engineers’ Forum of Assam)ৰ উদ্যোগত আৰু পাঞ্জাৱ নেশ্যনেল বেঙ্কৰ সহযোগিতাত অলপতে গুৱাহাটীৰ পানবজাৰ উচ্চ মাধ্যমিক বিদ্যালয়, তাৰিণী চৌধুৰী উচ্চ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়কে আদি কৰি গাৰ্লচ পলিটেকনিক গুৱাহাটী , সাতগাওঁ হাইস্কুল , চন্দ্ৰপুৰ হাাইস্কুল আৰু টেপুৰাম টেৰন হাইস্কুলত Hand Sanitizer বিতৰণ কৰা হয়। সন্থাই Hand Sanitizer বিতৰণ কাৰ্য্যসূচীৰ আৰম্ভনিতে পানবজাৰ উচ্চমাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী আৰু সন্থাৰ সদস্যা সকল উপস্থিত থকা সভাত আমন্ত্ৰিত নিৰ্দিষ্ট বক্তা ৰাজ্যৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাঃ ব জয়ন্ত দাসে কভি’ড-১৯ ৰ ওপৰত বহুমুলীয়া ভাষণ আগবঢ়ায়। উক্ত সভাত পাঞ্জাৱ নেশ্যনেল বেঙ্কৰ বিষয়া শিউ শঙ্কৰ সিং, সন্থাৰ উপদেষ্টা অভিযন্তা বন্দিতা ফুকন আৰু সন্থাৰ সভানেত্ৰী অসম অভিযান্ত্ৰিক মহাবোিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডঃ বিভা দাস শইকীয়াই বক্তব্য আগবঢ়ায় ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*