কৃষক আন্দোলন আৰু চৰকাৰ

এইবাৰ অন্নদাতাসকল জাগিছে। প্রথমে পাঞ্জাৱ আৰু হাৰিয়ানা। আৰু পাছত সমগ্ৰ দেশলৈ বিয়পি পৰিছে। কৃষক আন্দোলন। যিবিলাক ৰাজ্যত কৃষক সংগঠন শক্তিশালী নহয়, সেইবােৰ ৰাজ্যতাে কৃষকসকলৰ সচেতন অংশ আৰু গণতান্ত্রিক ব্যক্তিসকলে এই আন্দোলনলৈ সমৰ্থন জনাইছে। আন্দোলনটো অৰাজনৈতিক যদিও দেশৰ প্রায় সকলাে বিৰােধী ৰাজনৈতিক দলে কৃষকৰ পক্ষত থিয় দিছে। কৃষকসকলৰ প্রতি সমর্থন আৰু সংহতি জ্ঞাপন কৰি আহ্বান জনােৱা এদিনীয়া সাধাৰণ ধর্মঘট প্রতি সর্বক্তৰৰ জনসাধাৰণৰ ব্যাপক সঁহাৰিয়ে প্রতীয়মান কৰিছে যে কৃষকসকলৰ দাবী আৰু সমস্যাই এক সার্বজনীন ৰূপ লৈছে। কৃষকৰ আন্দোলনে এতিয়া ৰাজনৈতিক ক্ষেত্ৰতাে প্ৰভাৱ। পেলাইছে। বিজেপি দলৰ দীর্ঘকালৰ মিত্ৰ আৰু এনডিএৰ অংশীদাৰ শিৰােমণি আকালি দলে এনডিএ ত্যাগ কৰিছে। আৰ দলটোৰ কেন্দ্রীয় মন্ত্রীসভাত এক মাত্র প্রতিনিধিগৰাকীয়ে মন্ত্রীপদৰ পৰা পদত্যাগ কৰি কৃষকসকলৰ পক্ষত অৱস্থান কৰিছে। | নৰেন্দ্ৰ মােডী চৰকাৰাে নিজৰ স্থিতিত অটল। দেশত যেতিয়া ক’ৰােনাৰ সংক্রমণ ৰােধ কৰাৰ বাবে লকডাউন চলি আছিল, স্বাভাৱিক জীৱন অচলহৈ পৰিছিল আৰু সমগ্ৰ দেশৰ জনসাধাৰণ গৃহবন্দী হৈ আছিল, সেই সময়তে চলিত বৰ্ষৰ ৫ জুনত নৰেন্দ্ৰ মােডী চৰকাৰে ৩ খন কৃষি সম্বন্ধীয় অধ্যাদেশ জাৰি কৰিছিল। সেই সময়ত এই অধ্যাদেশকেইখনৰ বিৰুদ্ধে বিশেষ প্রতিবাদ হােৱা নাছিল। লক ডাউনৰ বাধা-নিষেধৰ বাবে আন্দোলন সংগঠিত কৰাৰ পৰিৱেশাে নাছিল। তাৰে সুযােগ গ্রহণ কৰি অধ্যাদেশ বাতিল হােৱাৰ আগতে ভুক্তভােগী পক্ষবােৰ আৰু বিৰােধী ৰাজনৈতিক দলবােৰৰ লগত কোনাে আলােচনা নকৰাকৈ অথবা গণ শুনানি অনুষ্ঠিত নকৰাকৈ সম্পূর্ণ এক পক্ষীয়ভাৱে সংসদত সংখ্যাধিক্যৰ জোৰত উক্ত অধ্যদেশ ৩ খন আইনত পৰিণত কৰিলে। অধ্যাদেশ বাহাল কাকালীন অভিজ্ঞতাৰ পৰা কৃষকসকলে বুজি পাইছিল যে এই আইন কেইখনে কৃষকৰ কল্যাণ সাধন নকৰে। বৰং নতুন ব্যৱস্থামতে কৃষকসকল ক’পটে গােষ্ঠীবােৰৰ দাসত পৰিণত হ’ব। আন্দোলনকাৰীকৃষকসকলৰ অভিযােগ, নতুন কৃষি আইনে ফচলৰ ন্যূনতম মূল্যৰপৰাও কৃষকসকলক বঞ্চিত কৰিব। দেশী-বিদেশী ব্যক্তিগত ব্যৱসায়ীসকলে ফচলৰ মূল্য নির্ধাৰণৰ কর্তৃত্ব লাভ কৰিব। | কৃষকসকলে উত্থাপন কৰা দাবীসমূহৰ ওপৰত কেইবালানি আলােচনা হৈছে। কেইবাটাও সৰু-সুৰা বিষয়ত চৰকাৰ আৰু আন্দোলনকাৰীসকল একমতত উপনীত হৈছে। কিন্তু কৃষকসকলৰ মূল দাবী-বিতর্কিত আইন। কেইখন বাতিল কৰা, মানি ল’বলৈ চৰকাৰ প্রস্তুত নহয়। প্রথম অৱস্থাত শক্তি প্রয়ােগেৰে আন্দোলন দমন কৰাৰ চেষ্টা চলাই ব্যর্থ হৈ এতিয়া আন্দোলনকাৰীসকলৰ দাবীবােৰৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰচাৰ আৰম্ভ কৰিছে। স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে এই অভিযানৰ নেতৃত্ব দিছে। ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰিবলৈ (কোন ভিত্তিবছৰৰ তুলনাত?) চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ’বলৈ হ’লে কৃষিসংস্কাৰৰ প্ৰয়ােজন আৰু তাৰ বাবে নতুন আইনৰ দৰকাৰ এয়া চৰকাৰৰ যুক্তি। চৰকাৰৰ লগত অন্নদাতা কৃষকসকলৰ এনে বিৰােধ দেশৰ বাবে মংগলজনক নহয়। চৰকাৰে বিষয়টো সন্মানৰ প্রশ্ন হিচাপে নলৈ আলােচনাৰ যােগেদি কৃষকৰ সমস্যা সমাধান কৰাৰ দিশে আগবঢ়া উচিত।

Be the first to comment

Leave a Reply

Your email address will not be published.


*