দেবীপ্ৰসাদ অধিকাৰীৰ অভিনন্দন গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি


নলবাৰী : বিশিষ্ট সমাজকৰ্মী তথা অসম‌ ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দেবীপ্ৰসাদ অধিকাৰীৰ এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিব অসমৰ আগশাৰীৰ সাহিত্য – সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীয়ে। অহা এপ্ৰিল মাহত অভিনন্দন গ্ৰন্থখন প্ৰকাশ কৰা হ’ব বুলি উদ্যোক্তা সকলে জনাইছে। গ্ৰন্থখনৰ সম্পাদকৰ দায়িত্ব দিয়া সাংবাদিক, সাহিত্যিক নিপজ্যোতি মেধিক। দেবীপ্ৰসাদ অধিকাৰীৰ শুভকাংখী সকলক অধিকাৰীৰ ওপৰত এটি নিবন্ধ তলৰ ঠিকনাত পঠাবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। লেখা পঠোৱাৰ ঠিকনা – নিপজ্যোতি মেধি, সম্পাদক – অভিনন্দন গ্ৰন্থ, ৱাৰ্ড নং – ৮, ডাকঘৰ – কাজিপাৰা, জিলা – নলবাৰী (অসম), পিন – ৭৮১৩৪১, মো : ৬০০২৬৪২৪৭৫ ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*