সদৌ অসম হস্ত-তাত সমবায় সন্থাৰ অধিবেশন সম্পন্ন , শিপিনীৰ কল্যাণৰ আঁচনি ৰূপায়ণৰ বাবে কেবাটাও সিদ্ধান্ত গ্ৰহণ

সদৌ অসম হস্ত-তাত সমবায় সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশনখন ২৩ ডিচেম্বৰত গুৱাহাটীৰ গৌৰী সদনত অনুষ্ঠিত হৈ যায় ।এই উপলক্ষে সন্থাৰ সভাপতি আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসমৰ হস্ত-তাত বস্ত্ৰ শিল্প খণ্ডৰ উন্নয়নৰ লগত জড়িত শিপিনী , হস্ত শিল্পীৰ কল্যাণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । তাৰ ভিতৰত শিপিনী আৰু হস্ত শিল্পী সকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহ যথাযথ ৰূপায়ণ কৰি তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত কৰা , শিপিনী সকলৰ বাবে প্ৰশিক্ষণ আৰু বীমাৰ ব্যৱস্থা কৰা আদিয়ে প্ৰধান । আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক কৰ্মকর্তা – প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত সৰ্বসন্মতিক্ৰমে আগন্তক তিনি বছৰৰ বাবে পুনৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সভাপতি , নৰেন্দ্ৰ নাথ ৰানা পাটগিৰীক কাৰ্যকৰী সভাপতি , চন্দ্ৰমোহন কলিতা আৰু হেমলতা দুৱৰাক উপ সভাপতি , প্ৰভাত ডেকা আৰু স্বৰ্ণ দেৱীক সম্পাদক , গীতা মণ্ডল ডেকা , নিজৰা কলিতা আৰু ভবেশ তালুকদাৰক যুটীয়া সম্পাদক , প্ৰভাত শৰ্মাক কোষাধ্যক্ষ , জেছমিন বেগম , মাইনু দাস , মামলি শৰ্মা , গীতাঞ্জলি নাথ , কবিতা বৰাক কাৰ্যকৰী সদস্য হিচাপে লৈ সদৌ অসম হস্ত-তাত সমবায় সন্থাৰ ৩১ জনীয়া কাৰ্যকৰী কমিটিখন গঠন কৰা হৈছে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*