ভূটানত লকডাউন ঘােষণা।

কোৰােনাৰ সংক্রমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাষ্ট্র ভূটানত লকডাউন ঘােষণা কৰা হৈছে। মঙলবাৰে ভূটান চৰকাৰে দেশখনত এসপ্তাহৰ বাবে লকডাউন ঘােষণা কৰে। উল্লেখ্য যে ভূটানৰ ৰাজধানী থিম্ফত যােৱা দুদিনত ২৬ গৰাকী ক’ভিড ৰােগীক চিনাক্ত কৰা হৈছিল। ইয়াৰ পাছতেই সতর্কতামূলক ব্যৱস্থা হিচাপে ভূটান চৰকাৰে ততাতৈয়াকৈ দেশখনত যাতে কোনাে সংক্রমণে ভয়াৱহ ৰূপ ল’ব নােৱাৰে তাৰ বাবে এসপ্তাহৰ বাবে লকডাউন ঘােষণা কৰে। ইপিনে ভূটান চৰকাৰে দেশখনত লকডাউন ঘােষণা কৰিলেও কিন্তু ভূটানৰ পৰা অসমৰ মাজেৰে দেশৰ বিভিন্ন প্রান্তলৈ যাতায়ত অব্যাহত আছে। উল্লেখ্য যে বিশ্বত কোৰােনাৰ সংক্ৰমণ আৰম্ভ হােৱাৰ পাছতেই ভূটানত অন্য দেশৰ নাগৰিকৰ প্ৰৱেশত বাধা আৰােপ কৰিছিল দেশখনৰ চৰকাৰে। বর্তমান অৱশ্যে সেই বাধা কিছু শিথিল কৰা হৈছিল যদিও শেহতীয়াভাৱে লকডাউন ঘােষণা কৰাত দেশখনত অন্য দেশৰ নাগৰিকৰ প্ৰৱেশ বন্ধ হৈ পৰিল। ইয়াৰ বিপৰীতে কিন্তু ভূটানৰ পৰা যানবাহন তথা দেশখনৰ নাগৰিকে অসমৰ মাজেৰে বিভিন্ন স্থানলৈ যাতায়ত এই বাতৰি লেখা পৰলৈকে অব্যাহত ৰাখিছে। অসম চৰকাৰ নতুবা ভাৰত চৰকাৰেও চুবুৰীয়া দেশখনৰ নাগৰিকক স্বাস্থ্য পৰীক্ষা নকৰাকৈ ভাৰতত প্ৰৱেশত বাধা নিদিলে ভৱিষ্যতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰাই যে কোনাে সংক্রমণে অসমতাে ভয়াৱহ ৰূপ নল’ব সেই কথান দি ক’ব নােৱাৰি। সেয়েহে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম-ভাৰত চৰকাৰক সীমান্ত অঞ্চলৰ ৰাইজে আহ্বান জনাইছে। ইপিনে ভূটানত বহিঃৰাষ্ট্রৰ লােকৰ প্ৰৱেশ নিষিদ্ধ হােৱাত সীমান্তত থকা ভাৰতীয় শ্ৰমিকসকলৰ পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কিয়নাে বহু পৰিয়ালৰ সদস্যই ভূটানত বিভিন্ন কাম কৰি পৰিয়াল পােহপাল দি আহিছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*