আজাৰাত অগপৰ ঐক্য সমাৰোহ

হাজাৰ হাজাৰ জনসাধাৰণৰ স্বত্বঃষ্ফুত উপস্থিতিযে পুনৰবাৰ প্ৰমাণ কৰিলে অসম গণ পৰিষদ দলৰ শক্তি। পশ্চিম গুৱাহাটী সমষ্টিৰ আজাৰাত অসম গণ পৰিষদ দলৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত প্ৰায় বিশ সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীৰ উপস্থিতিৰে শক্তি প্ৰদৰ্শন কৰিলে আঞ্চলিক দল অসম গণ পৰিষদে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা এক দীঘলীয়া মটৰ চাইকেল শোভাযাত্ৰাৰে দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সমাবেশ স্থলীলৈ আদৰি আনে দুই মটৰ চাইকেলেৰে ।সমাবেশস্থলীত স্থানীয় সাংস্কৃতিক দলসমূহে কেন্দ্ৰীয় নেতৃত্বক আদৰণি জনায়।সমাবেশ সম্বোধন কৰি সভাপতি তথা মন্ত্ৰী অতুল বৰাই আঞ্চলিকতাবাদৰ স্বাভিমানৰে ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠী আৰু ধৰ্মালম্বীলোকক একত্ৰিত কৰি অসম গণ পৰিষদ দল আগবাঢ়ি যাব বুলি মন্তব্য কৰে।সভাপতি বৰাই কয় যে, কোনো সৰ্বভাৰতীয় দলৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰা দলে অসম গণ পৰিষদ দলক তিলমানো ক্ষতি কৰিব নোৱাৰে। নতুন চিন্তা আৰু দৃষ্টিভঙ্গীৰে ভৱিষ্যতৰ দিনত কাৰ্য্যসূচী গ্ৰহণ কৰি ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰি অসম গণ পৰিষদ দল কাৰো তলতীয়া নহয় বুলিও দৃঢ়তাৰে মতপোষণ কৰে।বৰাই লগতে পূৰ্বৰ ভূল-ক্ৰুটিৰ পৰা শিক্ষা গ্ৰহণ কৰি আত্মশুদ্ধিৰ পথৰে আগবাঢ়িবলৈ দলে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিও বিশেষভাৱে যুৱ প্ৰজন্মৰ দলটোৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।
সমাৰোহত উপস্থিত থাকি কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই অসম গণ পৰিষদক লৈ সন্দেহ আৰু অবিশ্বাস কৰাৰ থল নাই বুলি উল্লেখ কৰি অসম গণ পৰিষদ দলে ৰাজ্যখনত একমাত্ৰ বিশ্বাসযোগ্য আঞ্চলিক শক্তি বুলি মন্তব্য কৰে।বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ভৱিষ্যতেও বিধায়ক হৈয়ে থাকিব বুলিও উল্লেখ কৰে। পশ্চিম গুৱাহাটী সমষ্টি অসম গণ পৰিষদ দলৰ অভেদ্য দূৰ্গ বুলি মহন্তই মতপোষণ কৰে।
সমাবেশত স্থানীয় বিধায় ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ চৌ-দিশে অসম গণ পৰিষদ দলৰ বিজয় ধ্বজা উৰিছে বুলি মন্তব্য কৰি কোনো অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰই ৰুধিব নোৱাৰিব বুলিও সোৱঁৰাই দিয়ে।জীয়াই থকা দিনকেইটা অসম গণ পৰিষদ দলতে সমৰ্পিত কৰি যাব বুলি মতপ্ৰকাশ কৰি দলটোক ৰাজ্যজুৰি শক্তিশালী কৰাত অসমবাসীৰ সহযোগিতা কামনা কৰে।
সভাত দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, নুৰুল হুছেইন, সত্যব্ৰত কলিতা, মনোজ শইকীয়া, হিৰণ্য কুমাৰ কোৱঁৰ, পোনাকন বৰুৱা, বিমলেন্দু সিনহা, উপ-সভাপতি দিলীপ পাটগিৰি, সুনীল ডেকা, সাংস্কৃতিক পৰিষদৰ সভানেত্ৰী কল্পনা পাটোৱাৰী, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই আদি উপস্থিত থাকে।
সভাত হিন্দুস্তানী মহিলা পৰিষদ, বৃহত্তৰ গুৱাহাটী পান দোকান ব্যৱসায়ী সন্থাৰ তিনি সহস্ৰাধিক বিষয়ববীয়াই আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*