এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলাৰ সমজিলাতো সমাধান কৰিব পাৰিব যানবাহন বিষয়ক সমস্যাৰ
গুৱাহাটীঃ যানবাহন ব্যৱহাৰকাৰীৰ বাবে সুখবৰ ! এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলাৰ সমজিলাসমূহতো থিতাতে সমাধান হ’ব যানবাহন বিষয়ক সমস্যাৰ। প্ৰয়োজন হ’লেই বাহনৰ গৰাকীৰ কাষত ঠিয় হ’বগৈ যানবাহন পৰিদৰ্শককে ধৰি বিভাগৰ সহায়কাৰী বিষয়াৰ দল। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে যানবাহনৰ গৰাকীক বিশেষভাবে সহায়ৰ হাত আগবঢ়াবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে আগন্তুক ১৬ডিচেম্বৰৰ পৰা ৩১ডিচেম্বৰলৈ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক পষেকজোৰা অভিলাষী কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ পৰিকল্পনা আৰু তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া এই জনসেৱা কাৰ্যসূচীত মহানগৰ জিলাখনৰ জালুকবাৰী, ডিমৰীয়া, নিউ গুৱাহাটী আৰু দিশপুৰ সমজিলাৰ অন্তৰ্গত যিসকল যানবাহনৰ গৰাকীয়ে সময় আৰু কাৰিকৰী অসুবিধাত বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি বাহনৰ বিভিন্ন নথিপত্ৰসমূহ অনলাইনযোগে নৱীকৰণ কৰিব পৰা নাই অথবা যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰিব পৰা নাই সেইসকলক বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা হ’ব। কাৰ্যসূচী অনুসৰি জালুকবাৰীত ১৬ আৰু ২৩ ডিচেম্বৰত, ডিমৰীয়াত ১৮ আৰু ৩০ডিচেম্বৰত, নিউ গুৱাহাটীত ২০ আৰু ২৭ডিচেম্বৰত এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। ৰাজ্যৰ ৰাজধানী চহৰখনৰ এইকেইখন সমজিলাৰ কাৰ্যালয়ত পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ বাহনৰ গৰাকীৰ বিভিন্ন ওজৰআপত্তি নিষ্পত্তি কৰাৰ লগতে বাহনৰ নথিপত্ৰ বিষয়ক গুৰুত্বপূৰ্ণ সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধানৰ চেষ্টা চলাব। “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীৰ সময়চোৱাত ব্যক্তিগত বাহনৰ উপৰি বিভিন্ন শ্ৰেণীৰ বাণিজ্যিক বাহনৰ লগতে উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মানকাৰী সংস্থা আদিয়েও বাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ কথা অৱগত কৰিলে পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়াৰ দলে সমাধানৰ ব্যৱস্থা কৰিব ৷ একেদৰে জিলা পৰিবহণ বিষয়াৰ বেতকুচিস্থিত কাৰ্যালয়ত বিশেষভাৱে সাজু কৰা কৰ্মচাৰীৰ দলেও সমান্তৰালভাৱে মহানগৰ জিলাখনৰ সকলো শ্ৰেণীৰ যানবাহন বিষয়ক সমস্যাৰ সমাধান কৰিব। সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীৰ সৈতে পৰিবহণ বিভাগৰ সম্পৰ্ক ওচৰ চপাই আনি সকলোৰে সন্মিলিত প্ৰচেষ্টাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাতো এই কাৰ্যসূচীৰ অন্যতম লক্ষ্য বুলি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে উল্লেখ্য কৰে।৷
Leave a Reply