গুৱাহাটী, : ভাৰতৰ আগশাৰীৰ ফেশ্যন আৰু সৌন্দৰ্যৰ গন্তব্যস্থান শ্ব’পাৰ্ছ ষ্টপ-এ 30 টা বছৰ সম্পূৰ্ণ কৰিছে আৰু নিজৰ গ্ৰাহকসকলৰ সৈতে এই মহান যাত্ৰা উদযাপন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। সময়ৰ সৈতে খোজ মিলাই, এই ব্ৰেণ্ডটোৱে নিজৰ গ্ৰাহকসকলৰ বাবে এক অসোঁৱাহমুক্ত বজাৰ কৰাৰ অভিজ্ঞতা সুনিশ্চিত কৰিবলৈ পৰিৱৰ্তনশীল গ্ৰাহক গতিশীলতাৰ সৈতে নিৰবিচ্ছিন্নভাৱে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই ব্ৰেণ্ডটোৰ নিৰ্ণায়ক তথা উল্লেখযোগ্য মুহূৰ্তবোৰৰ এক প্ৰণিধানযোগ্য কালেকশ্যন আছে যদিও ইয়াৰ 30 বছৰীয়া পুৰণি পৰম্পৰা উদযাপন কৰিবৰ বাবে এয়া হৈছে এক বিশেষ উপলক্ষ্য। এই উপলক্ষ্যে সকলো গ্ৰাহকেই 1000+ উপহাৰৰ লগতে মালদ্বীপৰ এটা ভ্ৰমণ, আইফোন, ঘড়ী, শ্ব’পিং ভাউচাৰ লাভ কৰাৰ এটা সুবিধা ল’ব পাৰে!
এই খণ্ডটোত সদায়েই অগ্ৰণী বুলি জনাজাত শ্ব’পাৰ্ছ ষ্টপ-এ ফাৰ্ষ্ট চিটিজেন সদস্যসকলক তেওঁলোকৰ আনুগত্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিবলৈ, কেতবোৰ ব্যক্তিগতকৃত উপহাৰৰ লগতে কিছুমান পাৰ্ছনেলাইড কৰা ভিডিঅ’ প্ৰেৰণ কৰিছে।
এই উপলক্ষ্যে মন্তব্য কৰি, গ্ৰাহক সেৱাৰ কাৰ্যবাহী তথা বিপণন আৰু যোগাযোগ বিভাগৰ প্ৰধান বিষয়া শ্ৰীমতী শ্বেতাল বসুৱে কয়, “গ্ৰাহকৰ অভিজ্ঞতা আৰু সন্তোষ আমাৰ বাবে সদায়েই মনোনিৱেশ কৰিবলগীয়া প্ৰধান বিষয় হৈ আহিছে। এই 30তম প্ৰতিষ্ঠা দিসৱত, আমাৰ সকলো গ্ৰাহকলৈকে তেওঁলোকৰ অব্যাহত সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিবলৈ আমি কিছু সময় দিব বিচাৰিছোঁ। আমি উন্নত মানদণ্ড অন্তৰ্ভুক্ত কৰাৰ লগতে সকলোকে অবিৰতভাৱে উৎসাহিত কৰি যাম আৰু আমাৰ গ্ৰাহকসকলে বিচৰা মতে এক অভিজ্ঞতা প্ৰদান কৰাটো সুনিশ্চিত কৰিম।”
শ্ব’পাৰ্ছ ষ্টপ-ত পদাৰ্পণ কৰক আৰু ডিচেম্বৰৰ 4 তাৰিখৰপৰা 12 তাৰিখলৈ বৃহৎ জন্মদিন উদযাপনৰ এক অংশ হওক।
Leave a Reply