মহিলা সৱলীকৰণৰ বাবে United way mumbai বেচৰকাৰী সংস্থাৰ প্ৰসংসনীয়

0

২৮ ফেব্ৰুৱাৰী :: মহিলা সৱলীকৰণ উদ্দেশ্যে দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাত দুদিনীয়া কাৰ্যসূচীৰ বিশেষ পদক্ষেপ। প্ৰায় ৪৪ গৰাকী মহিলাক জীবিকা নিৰ্বাহৰ পথ মোকলাই দিয়াৰ চেষ্টা চলাইছে United way mumbai নামৰ বেচৰকাৰী সংস্থাই। স্বেচ্ছাসেৱী সংস্থাটোৱে Empowering Women Entrepreneurs আঁচনিৰ জৰিয়তে VISAৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আৰ্থিকভাৱে দুৰ্বল মহিলাক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে ৪৪ গৰাকী মহিলাক অলপতে দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাত চিলাই মেচিনসহ লাগতিয়াল সামগ্ৰী, দোকান খুলিব পৰালৈ বিভিন্ন আচবাব, সামগ্ৰী আৰু ছাগলী বিতৰণ কৰে। কেইগৰাকীমান যুৱতীৰ তৎপৰতাৰ এইসমূহ সামগ্ৰীসমূহ বিতৰণ কৰা হয়।বিগত দুটা বছৰত কামৰূপত এনেদৰে ২৮০ গৰাকী মহিলাক সহায়ৰ হাত আগবঢ়াইছে এই বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে। বিতৰণ অনুষ্ঠানত বঙাইগাঁও ব্লক প্ৰজেক্ট মেনেজাৰ ৰিংকু হালৈ, ৰাণী ব্লক প্ৰজেক্ট মেনেজাৰ গুণজিৎ ঠাকুৰীয়া, ৰাণী ব্লক সমন্বয়ক পলাশ বৰুৱা, ছাগলী ট্ৰাষ্টৰ ৰাজ্যিক সমন্বয়ক ড° চালিমা ছিদ্দিকা, দ্য ছাগলী ট্ৰাষ্ট পশু চিকিৎসা বিশেষজ্ঞ ডাঃ ইকবাল ছালিক মিনহাজ, ছাগলী ট্ৰাষ্ট প্ৰকল্প পৰিচালক তাছলিম হুছেইন, ৰাণী ব্লক পশু চিকিৎসা ক্ষেত্ৰ সহায়ক অসীম দাস, ছাদুদ্দিন আহমেদৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বেচৰকাৰী সংস্থাটোৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.