মঙলদৈৰ চপাই অধমা পাৰা- শালৈ পাৰাত দুই ভাতৃৰ প্ৰশংসনীয় কাৰ্য

0

৫০ লক্ষাধিক টকাৰে নতুন কৈ নিৰ্মাণ কৰিলে ৰাজহুৱা মন্দিৰ

জালুকবাৰী ৬ মে’ শতবৰ্ষ গৰকা মঙলদৈ চপাইৰ নিকটৱৰ্তী অধমাপাৰা – শালৈপাৰা গাঁৱৰ সমীপত থকা বুঢ়া গোঁসাই মন্দিৰ টো ৫০ লক্ষাধিক টকাৰে গুৱাহাটীৰ পদুমবৰী নিবাসী অৱনী কুমাৰ দাস আৰু কুশল চন্দ্ৰ দাসে নতুন কৈ নিৰ্মাণ কৰি দিয়ে। আটকধুনীয়া কৈ নিৰ্মাণ কৰা আৰু তেওঁলোকৰ প্ৰয়াত পিতৃ ৰত্নেশ্বৰ দাস আৰু খুড়া দেউ দশৰথ দাসৰ স্মৃতি ত উৎসৰ্গিত ঐতিহাসিক বুঢ়া গোঁসাই মন্দিৰ টোৰ দ্বাৰ যোৱা ২ মে’ তাৰিখৰ দিনা মুকলি কৰে গুৱাহাটী পদুমবৰী ৰ ধৰ্মপ্ৰাণা মহিলা শ্ৰী বিমলা দাসে।( দাতা দুগৰাকী ৰ মাতৃ). এই উপলক্ষে পুৱা গাঁও প্ৰধান হিতেশ শৰ্মা, সীমান্ত ডেকা, খৰ্গে শ্বৰ ডেকা দুগ্ধ শৰ্মা, কুমুদ কলিতা ই পৰিৱেশ নিকাকৰণ কৰাৰ পিছত সমাজ সেৱক সত্য ডেকা ,পুৰণ চন্দ্ৰ ডেকা কল্পনা ডেকা জয়শ্ৰী শৰ্মা নিজৰা ডেকা জোনাকী ডেকা মাধবী ডেকা , ৰীতা শৰ্মা ৰ পৰিচালনা ত শোভাযাত্ৰা প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে মণিৰাম শৰ্মাই ধৰ্ম ধ্বজা উত্তোলন কৰে। সমাজ সেৱক গিৰিধৰ মহন্ত ই গছপুলি ৰোপণ , মন্দিৰ নিৰ্মাণ ৰ পৃষ্ঠপোষক ক্ৰমে অৱনী কুমাৰ দাস আৰু কুশল চন্দ্ৰ দাসে মন্দিৰৰ জপনা মুকলি আৰু ধৰ্ম প্ৰাণা মহিলা শ্ৰী বিমলা দাসে মন্দিৰৰ মূল দ্বাৰ মুকলি কৰে। ইয়াৰ পিছতে শিৱ লিংগ প্ৰতিষ্ঠা ,পূজা অৰ্চনা আৰম্ভ হয়। এই অনুষ্ঠানত ভাগৱত পাঠ কৰে হৰমোহন শৰ্মা , আৰু ভাৰত চন্দ্ৰ ডেকাই। সূৰ্য শৰ্মাই আত ধৰা ধৰ্মালোচনা সভাত বিশ্ব ব্ৰহ্মাণ ফেডাৰেচন অসমৰ সভাপতি সুনীল কুমাৰ গোস্বামী,ক্ষীৰোদ বৰুৱা , জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ সঞ্চালক হেমন্ত কুমাৰ বৰুৱা,অনিতা ৰাজবংশী কনক চন্দ্ৰ বৰুৱা আদিকে ধৰি সভাত উপস্হিত থাকে।সুনীল কুমাৰ গোস্বামী য়ে ধৰ্ম সম্পৰ্কে মনোজ্ঞ আলোচনা আগবঢ়ায়। সভাত মন্দিৰ নিৰ্মাণ ৰ পৃষ্ঠপোষক অৱনী কুমাৰ দাস আৰু কুশল চন্দ্ৰ দাসক উদ্যোগতা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাই ক্ষীৰোদ বৰুৱাই পিতৃ মাণিক চন্দ্ৰ বৰুৱা আৰু মাতৃ চণ্ডিকা বৰুৱা ৰ স্মৃতিত মন্দিৰ ৰ সমুখ ভাগত আটক ধুনীয়াকৈ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি দিব বুলি পৰিচালনা সমিতিৰ সভাপতি হেমন্ত শৰ্মা সম্পাদক খগেন ডেকাই জনাইছে। নিশাৰ ভাগত উক্ত মন্দিৰ প্ৰাংগনত নাগাৰা নাম অনুষ্ঠিত হয়। উক্ত সভাতেই সূৰ্য শৰ্মা ৰচিত ,,, অধমা পাৰা- শালৈপাৰা গাঁৱৰ ৰাজহুৱা ,, বুঢ়া গোঁসাই মন্দিৰ,, নামৰ ইতিবৃত্ত গ্ৰন্থ খনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।

Leave A Reply

Your email address will not be published.