ভাৰতৰ প্ৰথমটো চাইবাৰ জালিয়াতি কভাৰ ইন্টিগ্ৰেটেড অফাৰ পিএছই (PSU) ৰ কৰ্মচাৰীৰ বাবে এইচডিএফচি বেংকে মুকলি কৰিলে ‘আনমোল চেলাৰী একাউণ্ট’

0


গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী : ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচডিএফচি বেংকে আজি চাইবাৰ জালিয়াতি কভাৰৰ সৈতে ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ আণ্ডাৰটেকিং (পিএছইউ) দৰমহা একাউণ্ট – আনমোল চেভিংছ একাউণ্ট মুকলি কৰে।
এইচ ডি এফ চি বেংকে নিজৰ চেভিংছ একাউণ্ট প্ৰডাক্টত অহৰহ উদ্ভাৱন কৰি আছে। বিভিন্ন প্ৰয়োজনীয়তা থকা গ্ৰাহক খণ্ড – জ্যেষ্ঠ নাগৰিক, কৰ্মৰত মহিলাক, লক্ষ্য কৰি চেভিংছ একাউণ্টৰ ‘বিশেষ’ চুইটৰ অংশ হিচাপে এইচডিএফচি বেংকে জ্যেষ্ঠ নাগৰিকক ১.৫ লাখ টকা পৰ্যন্ত চাইবাৰ জালিয়াতিৰ কভাৰ প্ৰদান কৰে, আনহাতে পেছাদাৰীসকলৰ বাবে চাইবাৰ জালিয়াতিৰ কভাৰ ২৫,০০০-৫০,০০০ টকাৰ ভিতৰত। একেদৰে ‘স্পেচিয়েল গোল্ড উইমেন’ একাউণ্টত মহিলাক ৫ লাখ টকা পৰ্যন্ত কেন্সাৰ কভাৰৰ সুবিধা প্ৰদান কৰা হৈছে।
আনমোল চেভিংছ একাউণ্টৰ মূল বৈশিষ্ট্যসমূহ হ’ল:

  • চাইবাৰ জালিয়াতি কভাৰ – চাইবাৰ জালিয়াতিৰ পৰা গ্ৰাহকক ২৫,০০০ টকা পৰ্যন্ত সুৰক্ষা প্ৰদান কৰে।
  • পৰিয়ালৰ সুবিধা – পৰিয়ালৰ ৫ জনলৈকে সদস্যৰ বাবে জিৰো বেলেঞ্চ দৰমহা পৰিয়ালৰ একাউণ্ট আৰু লকাৰ সুবিধা।
  • বীমা কভাৰ – গ্ৰাহকে অ’পিডি কভাৰেজ, ৩০ লাখ টকা পৰ্যন্ত টপ আপ প্লেন আৰু ১৫ লাখতকৈ অধিক মূল্যৰ জিৰো খৰচৰ দুৰ্ঘটনা বীমা কভাৰৰ সৈতে বিস্তৃত স্বাস্থ্য কভাৰ লাভ কৰিব।
  • বিশেষ অফাৰ – বিশেষ অফাৰ আৰু প্ৰতি বছৰে ৮টা বিনামূলীয়া ঘৰুৱা বিমানবন্দৰৰ লাউঞ্জৰ প্ৰৱেশৰ সৈতে বিনামূলীয়া প্লেটিনাম ডেবিট কাৰ্ড।
  • মহাৰত্ন পি এছ ইউৰ কৰ্মচাৰীৰ বাবে কোম্পানী সীমাৰ ওপৰত পৰিপূৰক/অতিৰিক্ত গৃহ ঋণ।
    এইচ ডি এফ চি বেংকৰ মুৰব্বী – পেমেণ্ট, লাইবেলিটি প্ৰডাক্টছ, কনজিউমাৰ ফাইনেন্স এণ্ড মাৰ্কেটিং মিষ্টাৰ পৰাগ ৰাৱে কয়-“পিএছইউৰ কৰ্মচাৰীসকলৰ বাবে দেশৰ প্ৰথমটো চাইবাৰ কভাৰড ইন্টিগ্ৰেটেড চেলেৰী একাউণ্ট মুকলি কৰি আমি আনন্দিত হৈছো, এই সুবিধা বিশেষভাৱে প্ৰাসংগিক কাৰণ গ্ৰাহকৰ বেংকিং যাত্ৰা ক্ৰমান্বয়ে ডিজিটেল হৈ পৰিছে। তেওঁ আৰু কয়, “‘আনমোল চেভিংছ একাউণ্ট’ মুকলি কৰাৰ লগে লগে এইচডিএফচি বেংকে গ্ৰাহককেন্দ্ৰিক উদ্ভাৱনৰ ওপৰত গুৰুত্ব অব্যাহত ৰাখিছে। ই পিএছইউৰ কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবেও বহুতো সুবিধাৰ সৈতে এক নতুন চেভিংছ একাউণ্ট প্ৰডাক্ট, যেনে অগ্ৰাধিকাৰ ঋণৰ হাৰ, বৰ্ধিত দৰমহাৰ অভাৰড্ৰাফ্ট সীমা, স্বাস্থ্য কভাৰ আদি।”
    বেংকে এনে এক গতিশীল সামগ্ৰীৰ প্ৰৱৰ্তন কৰিছে যিয়ে কেৱল পৰম্পৰাগত সঞ্চয় একাউণ্টৰ সুবিধা প্ৰদান কৰাই নহয়, প্ৰথম বছৰৰ বাবে বিনামূলীয়া লকাৰ সুবিধা, জিৰো বেলেঞ্চ দৰমহা একাউণ্ট, সীমাহীন এটিএম লেনদেন আৰু বিনামূলীয়া চাহিদা খচৰা আদি বহুতো সুবিধাও প্ৰদান কৰিছে।
Leave A Reply

Your email address will not be published.