পলাশবাৰীৰ মিৰ্জাত সামাজিক সংস্থা “বন্ধু”ৰ চাফাই অভিযান

0

দক্ষিণ কামৰূপৰ ‘ৰাইজৰ হকে ৰাইজৰ বাবে’ শীৰ্ষক বানী লৈ গঢ় লৈ উঠা সামাজিক সংস্থা “বন্ধু”ই বিগত সময়ছোৱাত বিভিন্ন সামাজিক কাম কৰি ৰাইজৰ প্ৰশংসা বুটলবলৈ সক্ষম হৈছে। সেইদৰে আজি পলাশবাৰীৰ মামণি ৰয়চাম গোস্বামী চ’ক মিৰ্জাত সামাজিক সংস্থাৰ “বন্ধু”ৰ উদ্যোগত এক চাফাই অভিযান কৰা হয়। ‘বন্ধু’ৰ কৰ্মকৰ্তাসকলে হাতে কোৰ, দা লৈ হাবি জংগলৰে ভৰি থকা মামণি ৰয়চম গোস্বামীৰ প্ৰতিমুৰ্তি থকা ঠাইখিনি চাফ চিকুন কৰি দিয়ে। ইয়াৰ পিছত মিৰ্জাৰ চ’কত জাবৰৰে ভৰি থকা ঠাই সমূহ জেচিবিৰে চাফা কৰি দিয়ে। উক্ত চাফাই অভিযানত ‘বন্ধু’ৰ সভাপতি নিকু তালুকদাৰ, উপ-সভাপতি শংকৰ কলিতা,
সম্পাদক মিতু দাস, প্ৰচাৰ সম্পাদকদ্বয় গগণ কলিতা, সমৰজ্যোতি কলিতা, সদস্য ক্ৰমে প্ৰাঞ্জল দাস, অনিল ঠাকুৰীয়া, অনিল দাস, অমল কলিতা, শশীৰঞ্জন কুমাৰ আদিয়ে সহযোগিতা আগবঢ়ায়। ইতিমধ্যে উক্ত সংস্থাটোৱে বিগত সময়ছোৱাত ৰাজহুৱা স্থান, শ্মশান আদি ঠাইত চাফাই অভিযান চলাই ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.