‘কা’ বিৰোধী জাতীয় সংগঠনৰ সৈতে বিশেষকৈ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগত একত্ৰিতভাৱে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ ‘কা’ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ জুবিন গাৰ্গৰ ।
ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু ডোবক চাৰিআলিত প্ৰতিষ্ঠা কৰা ‘নাহৰ এ চি’ ৰেষ্টুৰেণ্ট খন উদ্বোধন কৰি শিল্পীগৰাকীয়ে এই মন্তব্য কৰে । বৰ্তমান ডাঃ বেজবৰুৱা ছৱিৰ কামত ব্যস্ত থকা শিল্পীগৰাকীয়ে আগত দিনত বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ কাহিনীৰে নিৰ্মাণ কৰিবলগীয়া নতুন ছৱি ‘ৰাজনীতি’ মাজেৰে জনসাধাৰণৰে তেওঁৰ ৰাজনৈতিক মনোভাৱৰ উমান পাব বুলি জনায় । ৰাজ্যখনৰ ভালেসংখ্যক শিল্পীয়ে বিভিন্ন ৰাজনৈতিক দলত জড়িত হোৱা সন্দৰ্ভত তেওঁ কয় গণতান্ত্ৰিক দেশত সকলোৱে নিজৰ ৰুচি অনুসৰি ৰাজনৈতিক দলত যোগদান কৰাৰ অধিকাৰ আছে যদিও তেওঁ কোনো ৰাজনৈতিক দলত যোগদান নকৰে।
ড নীলোৎপল শৰ্মাৰ নেতৃত্বত স্থাপন কৰা ‘নাহৰ’ নামৰ ৰেষ্টুৰেণ্টখনৰ নামটো সুন্দৰ হৈছে বুলি মন্তব্য কৰি তেওঁ ডিমু ডোবক চাৰিআলিত প্ৰথমবাৰৰ বাবে স্থাপন হোৱা এনেধৰণৰ ৰেষ্টুৰেণ্টখন সকলোৱে আকোৱালী ল’ৱ বুলি তেওঁ আশা প্ৰকাশ কৰে।শিল্পীগৰাকীক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ অহা শুভাকাংক্ষীসকলক বৰদিনৰ শুভেচ্ছা জনাই তেওঁ ৰেষ্টুৰেণ্টখনত অসমীয়া সুস্বাদু ব্যঞ্জনৰ জুতি লয় । ড নীলোৎপল শৰ্মাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত শিল্পীগৰাকীক সংগ দিয়ে শিল্পী তথা গীতিকাৰ দিগন্ত ভাৰতীয়ে ।
Leave a Reply