ড॰ হিৰণ্য চন্দ্ৰ ভূঞাৰ জীৱন-কৃতিকলৈ আলোচনা, গ্ৰন্থ উন্মোচন

0

গুৱাহাটী, ১৪ জুন ঃ পাশ্চাত্যৰ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া ড॰ হিৰণ্য চন্দ্ৰ ভূঞা আছিল এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী৷ তেওঁৰ জীৱন কৃতি সামৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লেখাৰে প্ৰকাশ কৰি উলিওৱা ‘পট্ৰেৰ্ইট অৱ এ জিনিয়াছ’– ড॰ হিৰণ্য চন্দ্ৰ ভূঞাৰ ঐতিহ্যৰ সঞ্জীৱন শীৰ্ষক গ্ৰন্থখন সন্দৰ্ভত ৰাইজক অৱগত কৰিবলৈ আজি গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হয় এখন মনোজ্ঞ আলোচনা সভা৷ অইলৰ অৱসৰপ্ৰাপ্ত উচ্ছ পদস্থ বিষয়া বিশিষ্ট লেখক জয়ন্ত ভূঞাই প্ৰকাশ কৰি উলিয়াইহে গ্ৰন্থখন৷ আলোচনা সভাত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ অমৰজ্যোতি চৌধুৰীয়ে কয় যে ড॰ হিৰণ্য চন্দ্ৰ ভূঞা আছিল অসমত বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হোৱা অসাধাৰণ প্ৰতিভাশালী ব্যক্তিত্ব৷ বিজ্ঞান মানসিকতাক নতুন চিন্তাৰে তেওঁ আগুৱাই নিছিল৷ এনে ব্যক্তিক প্ৰতিজন অসমীয়াই চিৰদিন মনত ৰখা দৰকাৰ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই বৰ্তমান সময়ত সামাজিক মাধ্যমৰ বহুল প্ৰচাৰ হ’লেও ছপা মাধ্যম সমাজ জীৱনৰ এক অপৰিহাৰ্য অংগ বুলি উল্লেখ কৰি ড॰ হিৰণ্য চন্দ্ৰ ভূঞাৰ জীৱন-কৃতি আৰু প্ৰকাশিত গ্ৰন্থখন ৰাইজৰ মাজলৈ লৈ যাবলৈ সংবাদ মাধ্যমক আহ৩ান জনায়৷ গুৱাহাটী শোধনাগাৰৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া ইলোৰা বৰুৱাই আঁতধৰা আৰু শেষত শান্তিকাম হাজৰিকাই শলাগ জ্ঞাপন কৰা সভাখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড॰ মীতা ডেকায়ো তেওঁৰ পিতৃৰ কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰে৷ ড॰ ভূঞাৰ একাংশ অনুৰাগীয়েও অংশগ্ৰহণ কৰা সভাখনত এমাজনতো উপলদ্ধ এই গ্ৰন্থখন অধ্যয়ন কৰি হিৰণ্য চন্দ্ৰ ভূঞাৰ জীৱনৰ মূল্যবোধ, সফল কৰ্মৰাজিৰ দ্বাৰা প্ৰভাৱিত হৈ তৰুণ প্ৰজন্ম জীৱনত সফলতা হ’বলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে প্ৰকাশক জয়ন্ত ভূঞাই৷ সভাত এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷

Leave A Reply

Your email address will not be published.