জালুকবাৰী ঈদগাহ ময়দানত “ঈদ – উজ – আজহা”ৰ সমূহীয়া নামাজ সম্পন্ন

0

জালুকবাৰী , ৭ জুন : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ – উজ – আজহা উপলক্ষে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত আজি পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয় । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো পুৱা ৭.৩০ বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয় । প্ৰায় দুই হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠিত সমূহীয়া নামাজত ইমামতি কৰে উত্তৰ জালুকবাৰী এক নং জামে মছজিদৰ ইমাম মৌলানা ছাহনুৰ ইছলাম আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে । নামাজৰ পূৰ্বে অনুষ্ঠিত এক চমু অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনাই পবিত্ৰ ঈদ – উজ – আজহাৰ উদ্দেশ্য বাখ্যা কৰে জালুকবাৰী ঈদগাহ কাৰ্যকৰী কমিটিৰ সভাপতি আলহাজ চৰিফ উল্লাহে আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক আবুল আলীয়ে । তেনেদৰে কোষাধ্যক্ষ নাছেম আলীয়ে জানিবলৈ দিয়া মতে নামাজৰ লগত সংগতি ৰাখি ইমাম , ঈদগাহ , মছজিদ , কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হয় ।

Leave A Reply

Your email address will not be published.