গুৱাহাটী, : ভাৰতৰ আগশাৰীৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ভিতৰত অন্যতম, বেংক অফ বৰোদাই আজি ঘোষণা কৰিছে যে বৰোদা চেণ্ট্ৰেল ফোৰ্চেছ ছেলাৰী পেকেজ প্ৰদান কৰিবৰ বাবে ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছৰ সৈতে এখন বুজাবুজিৰ চুক্তিত (এমঅ’ইউ) স্বাক্ষৰ কৰিছে। এই চুক্তিখনৰ অধীনত, বেংক অফ বৰোদাই অসম ৰাইফলছত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত উভয় শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে বৰোদা চেণ্ট্ৰেল ফোৰ্চেছ ছেলাৰী পেকেজ আগবঢ়াব। তাৰোপৰি, বেংকটোৱে কেতবোৰ বিশেষ লাভালাভো প্ৰদান কৰিব, তাৰ ভিতৰত আছে ব্যক্তিগত দুৰ্ঘটনা বীমা আৰু এখন কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড।বেংক আৰু অসম ৰাইফলছৰ মাজৰ এই বুজাবুজিৰ চুক্তিখনৰ স্বাক্ষৰকৰ্তাসকল হৈছে কৰ্ণেল পি এছ সিং, কৰ্ণেল প্ৰশাসন, মুখ্য কাৰ্যালয়, মহা সঞ্চালকালয়, অসম ৰাইফলছ আৰু দেৱব্ৰত দাস, আঞ্চলিক প্ৰৱন্ধক, পূৱ প্ৰান্ত, বেংক অফ বৰোদা।
Leave a Reply